অসম অসামৰিক সন্মানৰ বিষয়ে সবিশেষ

লোকসেৱাৰ হিতাৰ্থে আৰু মানৱিক প্রচেষ্টাৰ যিকোনো ক্ষেত্ৰতেই সৰ্বোচ্চ ব্যৱস্থাৰ অসাধাৰণ সেৱা / কাৰ্যক্ষমতাক স্বীকৃতি প্ৰদানৰ বাবে, অসম চৰকাৰে, ভাৰত চৰকাৰৰ সর্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন আৰু পদ্ম বঁটাৰ সমান্তৰালভাবে , অসম অসামৰিক সন্মান প্ৰদান কৰিব ।

  1. অসম বৈভৱ
  2. অসম সৌৰভ
  3. অসম গৌৰৱ

ই ভাৰত চৰকাৰৰ, সর্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন আৰু পদ্ম বঁটাৰ দৰেই অনুৰূপ অসামৰিক সন্মান হিচাপে গণ্য কৰা হব

সাধাৰণতে, প্ৰতি বছৰে অসম বৈভৱ-১, অসম সৌৰভ আৰু অসম গৌৰৱ সন্মানৰ বাবে যথাক্ৰমে ১, ৩ আৰু ১৫ টা বঁটা প্ৰদান কৰা হব। যি কি নহওক, পুৰস্কাৰ সমিতিৰ সিদ্ধান্ত অনুযায়ী প্ৰত্যেক শাখাত, প্রতি বছৰে বঁটাৰ সংখ্যা পৰিবৰ্তন হব পাৰে।

বঁটাপ্ৰাপ্ত সকলক প্ৰদান কৰিবলগীয়া পুৰস্কাৰসমূহ এনেধৰণৰ-

  1. অসম বৈভৱ- এখন প্ৰশস্তিপত্ৰ/ প্ৰমাণপত্ৰ/ পদক আৰু ৫ লাখ টকাৰ এক আৰ্থিক অনুদান
  2. অসম সৌৰভ- এখন প্ৰশস্তিপত্ৰ/ প্ৰমাণপত্ৰ/ পদক আৰু ৪ লাখ টকাৰ এক আৰ্থিক অনুদান
  3. অসম গৌৰৱ- এখন প্ৰশস্তিপত্ৰ/ প্ৰমাণপত্ৰ/ পদক আৰু ৩ লাখ টকাৰ এক আৰ্থিক অনুদান

বঁটা বিজয়ী সকলে লাভ কৰিবলগীয়া অন্যান্য সুবিধাসমূহ এনেধৰণৰ-

  • চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা আৰু কেবিনত থকাৰ সুবিধা লাভ কৰিব
  • তেওঁলোকক, ৰাজ্য চৰকাৰৰ আৱৰ্ত ভৱন, অতিথি আৱাস আৰু অসম ভৱনত বিনামূলীয়াকৈ থকাৰ সুবিধা প্ৰদান কৰা হব
  • তেওঁলোক, সকলো চৰকাৰী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে আমন্ত্রিত হব
  • অসম চৰকাৰে, তেওঁলোকৰ গুৰুতৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত, চিকিৎসালয়ৰ ব্যয়ৰ বাবে, ২ লাখ টকা পৰ্য্যন্ত প্ৰদান কৰিব
  • পুৰস্কৃত ধন আৰু নিৰ্দিষ্ট সুবিধাৰ ব্যৱস্থা থকাৰ উপৰিও, বঁটাপ্ৰাপ্ত নাগৰিকসকলে, এ.এছ.টি.চি বাছত বিনামূলীয়াকৈ ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে যদিহে ভ্ৰমণৰ ২৪ ঘন্টা পূৰ্বেই নিৰ্ধাৰিত তথ্য প্ৰদান কৰে